GOVERNMENT OF INDIA
Accessibility
Accessibility Tools
Color Adjustment
Text Size
Navigation Adjustment
Screen Reader iconScreen Reader

National Space Day Quiz 2026 (Assamese)

Start Date : 23 Aug 2026, 9:00 am
End Date : 23 Sep 2026, 11:45 pm
Closed
Quiz Banner
  • 10 Questions
  • 300 Seconds
Login with MyGov AUTH to Play Quiz

About Quiz

ৰাষ্ট্ৰীয় মহাকাশ দিৱস কুইজ 2026-ৰ সৈতে পুনৰ আহিছে মাইগ’ভ!

নমস্কাৰ, মহাকাশপ্ৰেমী ৰাইজ! সাজু হওক!

ভাৰতৰ মহাকাশৰ যাত্ৰা নতুন শিখৰত উপনীত হৈছে আৰু মহাকাশ অন্বেষণত ভাৰতৰ যাত্ৰাক আকৃতি দিয়া অবিশ্বাস্য সাফল্য, অভিযান, মাইলৰ খুঁটি আৰু উদ্ভাৱনবোৰ আপুনি কিমান ভালদৰে জানে সেয়া পৰীক্ষা কৰাৰ সময় আহি পৰিছে।

 ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2026 ৰ উপলক্ষে মাইগ’ভে আপোনাক  ৰাষ্ট্ৰীয় মহাকাশ দিৱস কুইজ 2026 ত  অংশগ্ৰহণ কৰিবলৈ আৰু কৌতূহল, উদ্ভাৱন আৰু অন্বেষণৰ মনোভাৱেৰে ভাৰতক তৰাৰ জগতলৈ লৈ যোৱা  মূৰ্হুতখিনি উদযাপন কৰিবলৈ আমন্ত্ৰণ জনাইছে !

গতিকে, আপুনি আপোনাৰ মহাকাশ জ্ঞানক প্ৰত্যাহ্বান দিবলৈ সাজু নে?

মহাকাশপ্ৰেমী ৰাইজ, সাজু হওক! গণনা আৰম্ভ হৈ গৈছে!

 

পুৰস্কাৰ:

1ম পুৰস্কাৰ: 1,00,000 টকা

2য় পুৰস্কাৰ: 75,000 টকা

3য় পুৰস্কাৰ: 50,000 টকা

পৰৱৰ্তী 100 গৰাকী বিজয়ীক 2,000 টকাৰে পুৰস্কৃত কৰা হ’ব

পৰৱৰ্তী 200 গৰাকী বিজয়ীক 1,000 টকাৰে পুৰস্কৃত কৰা হ’ব

কুইজত অশগ্ৰহণ কৰা শীৰ্ষ 100 গৰাকী বিজয়ীয়ে ISRO কেম্পাছ ভ্ৰমণ কৰাৰো সুযোগ লাভ কৰিব।

Terms and Conditions

1. এই কুইজ প্ৰতিযোগিতা সকলো ভাৰতীয় নাগৰিকৰ বাবে মুকলি। 

2. অংশগ্ৰহণকাৰীয়ে ‘প্লে কুইজ’ত ক্লিক কৰাৰ লগে লগে কুইজ আৰম্ভ হ’ব। 

3. কুইজ বিজয়ী মাপদণ্ড হৈছে 300 ছেকেণ্ডৰ ভিতৰত সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিয়া।

4. বিজয়ী নিৰ্বাচন ন্যায্যতা আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ  এটা ব্যৱস্থা সম্পন্ন যাদৃচ্ছিক   পদ্ধতিৰ জৰিয়তে কৰা হ’ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত    সকলো সঠিক উত্তৰ আৰু জমা দিয়াকে ধৰি  ,উল্লেখিত কুইজ বিজয়ী মাপকাঠী পূৰণ কৰা    সকলো অংশগ্ৰহণকাৰীকে যোগ্য প্ৰৱেশৰ কেন্দ্ৰীভূত পুলত অন্তৰ্ভুক্ত কৰা হ’ব। বিজয়ীসকলক কেৱল এক স্বয়ংক্ৰিয় যাদৃচ্ছিক বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে বাছনি কৰা হ’ব

5. অংশগ্ৰহণকাৰীসকলে পৰৱৰ্তী যোগাযোগৰ বাবে তেওঁলোকৰ মাইগ’ভ প্ৰফাইল আপডেট কৰাটো নিশ্চিত কৰিব লাগিব। এটা অসম্পূৰ্ণ প্ৰ’ফাইল বিজয়ী হোৱাৰ বাবে যোগ্য নহ’ব।  

6. স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে প্ৰশ্ন বেংকৰ পৰা যাদৃচ্ছিকভাৱে প্ৰশ্নসমূহ বাছনি কৰা হ’ব।

7. প্ৰতিজন অংশগ্ৰহণকাৰীক এই কুইজ প্ৰতিযোগিতাত পঞ্জীয়নভুক্ত ম’বাইল নম্বৰ বা ইমেইল আইডিৰ জৰিয়তে কেৱল এবাৰহে যোগদান কৰাৰ অনুমতি দিয়া হ’ব। একেটা ম’বাইল নম্বৰ আৰু ইমেইল আইডি অংশগ্ৰহণৰ বাবে এবাৰতকৈ অধিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

8. এনে ক্ষেত্ৰত যেতিয়া এজন অংশগ্ৰহণকাৰীয়ে ম’বাইল নম্বৰ আৰু ইমেইল আইডি দুয়োটা ব্যৱহাৰ কৰি অংশগ্ৰহণ কৰে, কেৱল জমা দিয়া প্ৰথম এন্ট্ৰিক বৈধ্য বুলি গণ্য কৰা হ’ব আৰু বিজয়ী বাছনি প্ৰক্ৰিয়াৰ বাবে যোগ্য হ’ব।

9. চন্দ্ৰযান 3 কুইজৰ শীৰ্ষ 3 গৰাকী বিজয়ীসকল আৰু ৰাষ্ট্ৰীয় মহাকাশ দিৱস কুইজ (পূৰ্ৱবৰ্তী বছৰৰ) শীৰ্ষ 3 গৰাকী বিজয়ী পুৰস্কাৰৰ বাবে যোগ্য নহ’ব। চন্দ্ৰযান -3 কুইজ আৰু ৰাষ্ট্ৰীয় মহাকাশ দিৱস কুইজ (পূৰ্ৱবৰ্তী বছৰৰ)ৰ যিসকল বিজয়ীয়ে ISRO ভ্ৰমণৰ সুযোগ লাভ কৰিছে তেওঁলোক ৰাষ্ট্ৰীয় মহাকাশ দিৱস কুইজ 2026-ৰ  ISRO ভ্ৰমণৰ বাবে যোগ্যতা অৰ্জন নকৰে।

10. অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’লে যিকোনো মুহূৰ্ততে কুইজ সংশোধন বা বন্ধ কৰাৰ সকলো অধিকাৰ মাইগ’ভ ৰ আছে। ইয়াৰ ভিতৰত সন্দেহ পৰিহাৰৰ বাবে এই নিয়ম আৰু চৰ্তসমূহ সলনি কৰাৰ ক্ষমতাও অন্তৰ্ভুক্ত আছে।

11. মাইগ’ভ যিকোনো অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ অযোগ্য ঘোষণা কৰাৰ বা অংশগ্ৰহণ প্ৰত্যাখ্যান কৰাৰ সকলো অধিকাৰ সংৰক্ষণ কৰে যদি তেওঁলোকে কোনো অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ বা জড়িত হোৱাটো কুইজ প্ৰতিযোগিতাখনৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। যদি প্ৰাপ্ত তথ্য অবৈধ, অসম্পূৰ্ণ, ক্ষতিগ্ৰস্ত, মিছা বা ভুল হয় তেন্তে অংশগ্ৰহণ বাতিল হ’ব। 

12. মাইগ’ভে হেৰুৱা, পলম হোৱা বা অসম্পূৰ্ণ হোৱা বা কম্পিউটাৰ ত্ৰুটি বা আয়োজকৰ যুক্তিসঙ্গত নিয়ন্ত্ৰণৰ বাহিৰত আন কোনো ত্ৰুটিৰ বাবে প্ৰেৰণ কৰা এন্ট্ৰিৰ কোনো দায়িত্ব গ্ৰহণ নকৰিব। অনুগ্ৰহ কৰি মন কৰিব যে এন্ট্ৰিৰ বাবে দাখিল কৰাৰ প্ৰমাণ সেইটো প্ৰাপ্তকৰাৰ প্ৰমাণ নহয়।

13. মাইগ’ভ কৰ্মচাৰী বা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত কৰ্মচাৰীসকল কুইজত অংশগ্ৰহণ কৰিবলৈ যোগ্য নহয়। এই অযোগ্যতাৰ নিৰ্ণয় তেওঁলোকৰ নিকট পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য। 

14. কুইজ সম্পৰ্কত মাইগ’ভৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক হ’ব আৰু এই সন্দৰ্ভত কোনো যোগাযোগ কৰা নহ’ব।

15. অংশগ্ৰহণকাৰীসকলে সকলো আপডেটৰ বাবে সমলৰ ওপৰত নিয়মীয়া পৰীক্ষা কৰিব লাগিব।

16. সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত, অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ অংশগ্ৰহণ আৰু সম্পূৰ্ণতা স্বীকাৰ কৰি ডিজিটেল অংশগ্ৰহণ প্ৰমাণপত্ৰ এখন স্বয়ংক্ৰিয়ভাৱে ডাউনলোড কৰিব পাৰে।

17. কুইজত অংশগ্ৰহণ কৰাৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলে যিকোনো সংশোধন বা অধিক আপডেটকে ধৰি কুইজ প্ৰতিযোগিতাৰ সকলো নিয়ম আৰু চৰ্ত মানি চলিব।

18.  সকলো বিবাদ/আইনী অভিযোগ কেৱল দিল্লীৰ এক্তিয়াৰ অধীনত। এই উদ্দেশ্যৰ বাবে হোৱা ব্যয় বোৰ পক্ষবোৰে নিজে বহন কৰিব।

19. ইয়াৰ চৰ্ত আৰু নিয়মসমূহ ভাৰতীয় আইন আৰু ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ৰায়দানৰ দ্বাৰা পৰিচালিত হ’ব।