GOVERNMENT OF INDIA
Accessibility
Accessibility Tools
Color Adjustment
Text Size
Navigation Adjustment
Screen Reader iconScreen Reader

National Space Day Quiz 2025 (Assamese)

Start Date : 22 Aug 2025, 11:00 am
End Date : 5 Oct 2025, 11:45 pm
Closed
Quiz Closed

About Quiz

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েচন্দ্ৰযান-3ৰ সফল চন্দ্ৰ অৱতৰণৰ ঐতিহাসিক কৃতিত্ব স্মৰণ কৰিবলৈ23 আগষ্টক “ৰাষ্ট্ৰীয় মহাকাশ দিৱস” হিচাপে পালন কৰা হব ঘোষণা কৰিছে। তেতিয়াৰ পৰা, ভাৰত মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিত দেশৰ বৰ্ধিত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি এই দিনটো অতি গৌৰৱ আৰু উত্সাহেৰে উদযাপন কৰি অহা হৈছে। 

এই বছৰটো   ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ একেৰাহে তৃতীয় বৰ্ষ উদযাপনৰ বাবে  থিমৰ চিনাক্ত কৰা হৈছে  “আৰ্যভট্টৰ পৰা গগনযানলৈ অসীম সম্ভাৱনাৰ প্ৰাচীন জ্ঞান” [NSpD-2025], মাইগ’ভে আগবঢ়াইছে আটাইতকৈ প্ৰত্যাশিত ৰাষ্ট্ৰীয় মহাকাশ কুইজ    গতিকে মহাকাশৰ বিস্ময় আৰু মহাকাশ অন্বেষণত ভাৰতৰ উল্লেখযোগ্য অৱদানৰ বিষয়ে অন্বেষণ কৰিবলৈ সাজু হওক।  

এই কুইজত জনাৰ আগ্ৰহক অনুপ্ৰাণিত কৰা, সজাগতা বৃদ্ধি কৰা আৰু ভাৰতৰ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিত গৌৰৱৰ ভাৱনা শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। 

জীৱনৰ সকলো ক্ষেত্ৰৰ নাগৰিকসকল – ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদসকল, পেছাদাৰী, আৰু মহাকাশৰ প্ৰতি আগ্ৰহীসকলক এই ৰাষ্ট্ৰীয় পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ, তেওঁলোকৰ জ্ঞানৰ মূল্যায়ন কৰিবলৈ, আৰু দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ লগতে মহাকাশত ভাৰতৰ নতুন সীমাৰ অন্বেষণ সামূহিকভাৱে উদযাপন কৰিবলৈ উৎসাহিত কৰা হৈছে। 

এতিয়া অংশগ্ৰহণ কৰক ৰাষ্ট্ৰীয় মহাকাশ কুইজ 2025 আৰু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতি ভাৰতে কৰা অনুপ্ৰেৰণামূলক যাত্ৰাৰ অংশ হওক । 

 

স্বীকৃতি: 

1ম পুৰস্কাৰ: 1,00,000 টকা;

2য় পুৰস্কাৰ: 75,000 টকা

3য় পুৰস্কাৰ: 50,000 টকা

পৰৱৰ্তী 100 বিজয়ীক পুৰস্কৃত কৰা হ’ব 2,000 টকা

পৰৱৰ্তী 200 বিজয়ীক পুৰস্কৃত কৰা হ’ব 1,000 টকা

কুইজৰ শীৰ্ষ 100জন বিজয়ীয়ে ISRO কেম্পাছ দৰ্শনৰ সুযোগ লাভ কৰিব।

Terms and Conditions

1. এই কুইজ প্ৰতিযোগিতা সকলো ভাৰতীয় নাগৰিকৰ বাবে মুকলি।  

2. অংশগ্ৰহণকাৰীয়ে ‘প্লে কুইজ’ত ক্লিক কৰাৰ লগে লগে কুইজ আৰম্ভ হ’ব।  

3. এইটো এটা সময় নিৰ্ধাৰিত কুইজ য’ত 10 টা প্ৰশ্নৰ উত্তৰ 300 ছেকেণ্ডত দিয়া হ’ব। কোনো ঋণাত্মক নম্বৰৰ নাথাকিব।  

4. অংশগ্ৰহণকাৰীসকলে পৰৱৰ্তী যোগাযোগৰ বাবে তেওঁলোকৰ মাইগ’ভ প্ৰফাইল আপডেট কৰাটো নিশ্চিত কৰিব লাগিব। এটা অসম্পূৰ্ণ প্ৰ’ফাইল বিজয়ী হোৱাৰ বাবে যোগ্য নহ’ব।   

5. স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে প্ৰশ্ন বেংকৰ পৰা যাদৃচ্ছিকভাৱে প্ৰশ্নসমূহ বাছনি কৰা হ’ব। 

6. প্ৰতিজন অংশগ্ৰহণকাৰীক এই কুইজ প্ৰতিযোগিতাত পঞ্জীয়নভুক্ত ম’বাইল নম্বৰ বা ইমেইল আইডিৰ জৰিয়তে কেৱল এবাৰহে যোগদান কৰাৰ অনুমতি দিয়া হ’ব। একেটা ম’বাইল নম্বৰ আৰু ইমেইল আইডি অংশগ্ৰহণৰ বাবে এবাৰতকৈ অধিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। 

7. এনে ক্ষেত্ৰত যেতিয়া এজন অংশগ্ৰহণকাৰীয়ে ম’বাইল নম্বৰ আৰু ইমেইল আইডি দুয়োটা ব্যৱহাৰ কৰি অংশগ্ৰহণ কৰে, কেৱল জমা দিয়া প্ৰথম এন্ট্ৰিক বৈধ্য বুলি গণ্য কৰা হ’ব আৰু বিজয়ী বাছনি প্ৰক্ৰিয়াৰ বাবে যোগ্য হ’ব। 

8. চন্দ্ৰযান-3 কুইজ আৰু ৰাষ্ট্ৰীয় মহাকাশ দিৱস কুইজৰ শীৰ্ষ 3জন বিজয়ীয়ে শীৰ্ষ 3টা পুৰস্কাৰ লাভৰ বাবে যোগ্য নহ’ব। যিসকলে ইতিমধ্যে ইছৰো দৰ্শনৰ সুযোগ লাভ কৰিছে তেওঁলোকে চন্দ্ৰযান-3 কুইজ আৰু ৰাষ্ট্ৰীয় মহাকাশ দিৱস কুইজৰ বিজয়ী হ’লেও ইছৰো দৰ্শনৰ বাবে যোগ্য নহ’ব।

9. অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’লে যিকোনো মুহূৰ্ততে কুইজ সংশোধন বা বন্ধ কৰাৰ সকলো অধিকাৰ মাইগ’ভ ৰ আছে। ইয়াৰ ভিতৰত সন্দেহ পৰিহাৰৰ বাবে এই নিয়ম আৰু চৰ্তসমূহ সলনি কৰাৰ ক্ষমতাও অন্তৰ্ভুক্ত আছে। 

10. মাইগ’ভ যিকোনো অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ অযোগ্য ঘোষণা কৰাৰ বা অংশগ্ৰহণ প্ৰত্যাখ্যান কৰাৰ সকলো অধিকাৰ সংৰক্ষণ কৰে যদি তেওঁলোকে কোনো অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ বা জড়িত হোৱাটো কুইজ প্ৰতিযোগিতাখনৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। যদি প্ৰাপ্ত তথ্য অবৈধ, অসম্পূৰ্ণ, ক্ষতিগ্ৰস্ত, মিছা বা ভুল হয় তেন্তে অংশগ্ৰহণ বাতিল হ’ব।  

11. মাইগ’ভে হেৰুৱা, পলম হোৱা বা অসম্পূৰ্ণ হোৱা বা কম্পিউটাৰ ত্ৰুটি বা আয়োজকৰ যুক্তিসঙ্গত নিয়ন্ত্ৰণৰ বাহিৰত আন কোনো ত্ৰুটিৰ বাবে প্ৰেৰণ কৰা এন্ট্ৰিৰ কোনো দায়িত্ব গ্ৰহণ নকৰিব। অনুগ্ৰহ কৰি মন কৰিব যে এন্ট্ৰিৰ বাবে দাখিল কৰাৰ প্ৰমাণ সেইটো প্ৰাপ্তকৰাৰ প্ৰমাণ নহয়। 

12. মাইগ’ভ কৰ্মচাৰী বা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত কৰ্মচাৰীসকল কুইজত অংশগ্ৰহণ কৰিবলৈ যোগ্য নহয়। এই অযোগ্যতাৰ নিৰ্ণয় তেওঁলোকৰ নিকট পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য।  

13. কুইজ সম্পৰ্কত মাইগ’ভৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক হ’ব আৰু এই সন্দৰ্ভত কোনো যোগাযোগ কৰা নহ’ব। 

14. অংশগ্ৰহণকাৰীসকলে সকলো আপডেটৰ বাবে সমলৰ ওপৰত নিয়মীয়া পৰীক্ষা কৰিব লাগিব। 

15. সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত, অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ অংশগ্ৰহণ আৰু সম্পূৰ্ণতা স্বীকাৰ কৰি ডিজিটেল অংশগ্ৰহণ প্ৰমাণপত্ৰ এখন স্বয়ংক্ৰিয়ভাৱে ডাউনলোড কৰিব পাৰে। 

16. কুইজত অংশগ্ৰহণ কৰাৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলে যিকোনো সংশোধন বা অধিক আপডেটকে ধৰি কুইজ প্ৰতিযোগিতাৰ সকলো নিয়ম আৰু চৰ্ত মানি চলিব। 

17. সকলো বিবাদ/আইনী অভিযোগ কেৱল দিল্লীৰ এক্তিয়াৰ অধীনত। এই উদ্দেশ্যৰ বাবে হোৱা ব্যয় বোৰ পক্ষবোৰে নিজে বহন কৰিব। 

18. ইয়াৰ চৰ্ত আৰু নিয়মসমূহ ভাৰতীয় আইন আৰু ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ৰায়দানৰ দ্বাৰা পৰিচালিত হ’ব।