ডিজিটেল ইণ্ডিয়াৰ 10 বছৰ উদযাপনৰ বাবে নাগৰিকসকলক ডিজিটেল ইণ্ডিয়া কুইজ – প্ৰগতিৰ এক দশকত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে
এই কুইজ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, যিয়ে সমগ্ৰ দেশত প্ৰশাসনৰ পৰিৱৰ্তন, ডিজিটেল আন্তঃগাঁথনি উন্নয়ন আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই কুইজ প্ৰতিযোগিতা ডিজিটেল সবলীকৰণ, ই–গভৰ্নেন্স পদক্ষেপ, ৰাজহুৱা ডিজিটেল সেৱা, প্ৰযুক্তিগত উদ্ভাৱন, আৰু উদীয়মান প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ দিশবোৰৰ ওপৰত আধাৰিত হ‘ব যিয়ে ডিজিটেলভাৱে অন্তৰ্ভুক্ত ভাৰত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
মাইগ‘ভ ডিজিটেল ইণ্ডিয়া কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰু ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ অধীনত বিগত দহ বছৰত হোৱা গুৰুত্বপূৰ্ণ কৃতিত্ব আৰু অগ্ৰগতিৰ বিষয়ে জানিবলৈ নাগৰিকসকলক আমন্ত্ৰণ জনাইছে।
স্বীকৃতি
1. শীৰ্ষ 50 গৰাকী বিজয়ীক পুৰস্কৃত কৰা হ‘ব ₹ 5,000/- প্ৰতিজনক
2. পৰৱৰ্তী 100 গৰাকী বিজয়ীক পুৰস্কাৰ প্ৰদান কৰা হ‘ব ₹ 2,000/- প্ৰতিজনক
3. পৰৱৰ্তী 200 গৰাকী বিজয়ীক পুৰস্কাৰ প্ৰদান কৰা হ ব ₹ 1,000/- প্ৰতিজনক
1. এই কুইজ প্ৰতিযোগিতা সকলো ভাৰতীয় নাগৰিকৰ বাবে মুকলি।
2. অংশগ্ৰহণকাৰীয়ে ‘প্লে কুইজ’ত ক্লিক কৰাৰ লগে লগে কুইজ আৰম্ভ হ’ব।
3. এই প্ৰতিযোগিতা 300 ছেকেণ্ডত 10টা প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ এটা সময় নিৰ্ধাৰিত কুইজ। কোনো নেগেটিভ মাৰ্কিংনাথাকিব।
4. প্ৰতিযোগীসকলে পৰৱৰ্তী যোগাযোগৰ বাবে তেওঁলোকৰ মাইগ’ভ প্ৰফাইল আপডেট হোৱাটো নিশ্চিত কৰিব লাগিব। এটা অসম্পূৰ্ণ প্ৰ’ফাইল বিজয়ী হোৱাৰ বাবে যোগ্য নহ’ব।
5. প্ৰতিজন ব্যৱহাৰকাৰীৰ এবাৰহে অংশগ্ৰহণ কৰিব পাৰিব আৰু এবাৰ জমা দিয়াৰ পাছত ইয়াক প্ৰত্যাহাৰ কৰিব নোৱাৰি। একেজন অংশগ্ৰহণকাৰী/ইমেইল আইডি/ম’বাইল নম্বৰৰ পৰা একাধিক অংশগ্ৰহণ কৰাটো স্বীকাৰ কৰা নহ’ব।
6. কুইজ প্ৰতিযোগিতা আয়োজনৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত কৰ্মচাৰীসকল কুইজত অংশগ্ৰহণ কৰিবলৈ যোগ্য নহয়। এই অযোগ্যতাৰ নিৰ্ণয় তেওঁলোকৰ নিকট পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য।
7. বহুল অংশগ্ৰহণ আৰু নিৰপেক্ষতা প্ৰচাৰ কৰিবলৈ, প্ৰতিটো পৰিয়ালৰ কেৱল এজন বিজয়ী পুৰস্কাৰৰ বাবে যোগ্য হ’ব।
8. সংগঠকসকলে যদি কোনো অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ বা সংগঠন কুইজৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰে, তেন্তে যিকোনো অংশগ্ৰহণকাৰীক অযোগ্য ঘোষণা কৰাৰ বা অংশগ্ৰহণ প্ৰত্যাখ্যান কৰাৰ সকলো অধিকাৰ সংৰক্ষণ কৰিছে। যদি প্ৰাপ্ত তথ্য অবৈধ, অসম্পূৰ্ণ, ক্ষতিগ্ৰস্ত, মিছা বা ভুল হয় তেন্তে অংশগ্ৰহণ বাতিল হ’ব।
9. কম্পিউটাৰৰ ভুল বা আয়োজকৰ যুক্তিসংগত নিয়ন্ত্ৰণৰ বাহিৰৰ আন কোনো ভুলৰ বাবে হেৰুৱা, পলমকৈ বা অসম্পূৰ্ণ বা প্ৰেৰণ নকৰা এন্ট্ৰিৰ বাবে আয়োজকসকলে কোনো দায়িত্ব গ্ৰহণ নকৰে। অনুগ্ৰহ কৰি মন কৰিব যে এন্ট্ৰিৰ বাবে দাখিল কৰাৰ প্ৰমাণ সেইটো প্ৰাপ্তকৰাৰ প্ৰমাণ নহয়।
10. অপ্ৰত্যাশিত পৰিস্থিতিৰ ক্ষেত্ৰত, আয়োজকসকলে যিকোনো সময়তে প্ৰতিযোগিতাৰ চৰ্তাৱলী আৰু নিয়মাৱলী সংশোধন কৰাৰ বা বিবেচনা কৰা অনুসৰি প্ৰতিযোগিতা বাতিল কৰাৰ অধিকাৰ সংৰক্ষণ কৰে। ইয়াৰ ভিতৰত সন্দেহ পৰিহাৰৰ বাবে এই নিয়ম আৰু চৰ্তসমূহ সলনি কৰাৰ ক্ষমতাও অন্তৰ্ভুক্ত আছে। অংশগ্ৰহণকাৰীসকলে সকলো আপডেটৰ বাবে ৱেবছাইটটো পৰীক্ষা কৰিব বুলি আশা কৰা হৈছে।
11. কুইজৰ ওপৰত আয়োজকসকলৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক হ’ব আৰু এই সন্দৰ্ভত কোনো যোগাযোগ গ্ৰহণ কৰা নহ’ব।
12. সকলো বিবাদ/আইনী অভিযোগ কেৱল দিল্লীৰ আইনী পৰিসীমাৰ অধীনত। এই উদ্দেশ্যৰ বাবে হোৱা ব্যয় বোৰ পক্ষবোৰে নিজে বহন কৰিব।
13. এই কুইজত অংশগ্ৰহণ কৰাৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলে যিকোনো সংশোধন বা অধিক আপডেটকে ধৰি কুইজ প্ৰতিযোগিতাৰ সকলো নিয়ম আৰু চৰ্ত মানি চলিব।
14. ভৱিষ্যতে এই নিয়ম আৰু চৰ্তবোৰ ভাৰতীয় আইন আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ বিচাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হব।