GOVERNMENT OF INDIA
Accessibility
Accessibility Tools
Color Adjustment
Text Size
Navigation Adjustment
Screen Reader iconScreen Reader

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ওপৰত কুইজ(Assam, Assamese)

Start Date : 13 May 2022, 5:00 pm
End Date : 29 May 2022, 11:30 pm
Closed View Result
Quiz Closed

About Quiz

 

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (PMAY) থীমৰ সৈতে সৱকা বিকাশ মহাকুইজ চিৰিজত দ্বিতীয়টো কুইজ আগবঢ়াইছো

 

মাইগভ ইণ্ডিয়াই নাগৰিকসকলৰ মাজত সজাগতা গঢ়ি তুলিবলৈ এটা প্ৰসাৰিত প্ৰয়াসৰ অংশ হিচাপে সৱকা বিকাশ মহাকুইজ চিৰিজ আৰম্ভ কৰিছে৷ কুইজটোৱে ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি আৰু উদ্যোগ, আৰু ইয়াৰ লাভৰ কেনেদৰে সুযোগ গ্ৰহণ কৰিব পাৰি বিষয়ে অংশগ্ৰহণকাৰীসকলক অৱগত কৰোৱাটোক লক্ষ্য কৰি লৈছে৷

 

এই সংক্ৰান্তত, মাইগভে আপোনালোক সকলোকে অংশগ্ৰহণ কৰিবলৈ আৰু আপোনালোকৰ নৱ ভাৰতৰ জ্ঞান পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনাইছে৷ এই চিৰিজৰ দ্বিতীয়টো কুইজ এতিয়া প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (PMAY) ওপৰত৷

 

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (PMAY) বিষয়ে

সন্মানীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিগৰাকী ভাৰতীয়ক নৱ ভাৰতবৰ্ষত তেওঁলোকৰ মূৰৰ ওপৰত এখন পকী চাল সুনিশ্চিত কৰাৰ এটা আহ্বান কৰিছিল৷ সেই অনুসৰি, দেশখনৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পকী ঘৰ প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ সূচনা কৰিছিল৷ মিছনটো দুটা ভিন্ন আঁচনিৰ মাজেৰে চলি আছে – নগৰ অঞ্চলৰ বাবে প্ৰধান মন্ত্ৰী আৱাস যোজনা পৌৰ (PMAY-U) আৰু গ্ৰাম্য অঞ্চলৰ বাবে প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ (PMAY-G)৷

 

প্ৰধান মন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ

2024 চনৰ আগতে কেঁচা আৰু জৰাজীৰ্ণ ঘৰ সমূহত বসবাস কৰা 2.95 কোটি গ্ৰামীণ গৃহহীন পৰিয়ালক বুনিয়াদী সা-সুবিধাৰ সৈতে এটা পকী ঘৰ আগবঢ়াবলৈ ই লক্ষ্য স্থিৰ কৰিছে৷ এই আঁচনিৰ অধীনত, লোকসকলক তেওঁলোকৰ ঘৰ সাজিবলৈ নগদ ধনৰ সাহায্য আগবঢ়োৱা হয়৷

1.2 লাখ টকা সমতল অঞ্চল সমূহত প্ৰদান কৰা হৈছে; আৰু 1.3 লাখ টকা পাহাৰীয়া অঞ্চল, দুষ্কৰ অঞ্চল আৰু IAP জিলা সমূহত (নিৰ্বাচিত জনজাতীয় আৰু পিছপৰা জিলা সমূহৰ বাবে একত্ৰীকৃত কাৰ্য ব্যৱস্থা) প্ৰদান কৰা হৈছে৷ ইয়াৰ উপৰিও, 12,000 টকাও স্বচ্চ ভাৰত মিচন – গ্ৰামীণৰ জৰিয়তে শৌচাগাৰ সাজিবলৈ প্ৰদান কৰা হৈছে৷

 

28 এপ্ৰিল 2022 লৈকে, 2.34 কোটি ঘৰৰ অনুমোদন প্ৰদান কৰা হৈছে, আৰু 1.79 কোটি ঘৰ সম্পূৰ্ণ হৈছে, এনেদৰে বহু কোটি জীৱন পৰিৱৰ্তন কৰি আছে আৰু তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক আৰু মানসিক নিৰাপত্তা সুনিশ্চিত কৰি আহিছে৷

 

কেনেদৰে PMAY-G-ৰ সুবিধা লাভ কৰিব পাৰি?

PMAY-G-ৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ বিশ্বত সেই সকলো লোক অন্তৰ্ভুক্ত আছে যি কিছুমান নিৰ্দিষ্ট চৰ্ত সাপেক্ষে SECC তথ্য আৰু আৱাস+ জৰীপ অনুসৰি যিসকল গৃহহীন, আৰু সেইবোৰ পৰিয়াল যাৰ কেঁচা বেৰ আৰু কেঁচা চালৰ (কেঁচা ঘৰ) সৈতে শূণ্য, এটা বা দুটা কোঠাত বসবাস কৰে৷ তেওঁলোকক অৰ্থ-সামাজিক আৰু জাতিগত পিয়লৰ (SECC 2011) ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু গ্ৰাম পঞ্চায়ত স্তৰত কৰা জৰীপৰ সহায়ত প্ৰস্তুত কৰা এখন তালিকাৰ জৰিয়তে চিনাক্ত কৰা হৈছিল৷ এই তালিকাখনে প্ৰকৃত হিতাধিকাৰীসকলক চিনাক্ত কৰে যি গৃহহীন, আৰু হিতাধিকাৰীসকল যি এই তালিকাৰ পৰা বাদ পৰিছে তেওঁলোকে স্থানীয় কাৰ্যালয়লৈ নিষ্পত্তিৰ বাবে যাব পাৰে৷

 

এবাৰ তালিকাখন চূড়ান্ত হোৱাৰ পিছত, এখন মঞ্জুৰিনামা জাৰি কৰা হৈছে৷ হিতাধিকাৰী গৰাকীৰ সপক্ষে অনুমোদনৰ বিষয়টো হিতাধিকাৰীগৰাকীলৈ SMS-ৰ জৰিয়তেও জনোৱা হ’ব৷ হিতাধিকাৰীজনে অনুমোদনৰ নিৰ্দেশ খণ্ড বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব বা তেওঁৰ PMAY-G আইডি ব্যৱহাৰ কৰি PMAY-G ৱেবচাইটৰ পৰা ইয়াক ডাউনলোড কৰিব পাৰিব৷ প্ৰথম কিস্তি মঞ্জুৰিনামা প্ৰকাশৰ তাৰিখৰ পৰা এসপ্তাহৰ (7 টা কৰ্মদিন) ভিতৰত হিতাধিকাৰীজনৰ পঞ্জীকৃত বেংক একাউন্টলৈ ইলেক্ট্ৰ’ণিক মাধ্যমেৰে মুকলি কৰা হ’ব৷

 

যিকোনো ওজৰ-আপত্তিৰ বাবে, মন্ত্ৰালয় আৰু ৰাজ্যিক যোগাযোগকাৰী লোকসকলক যোগাযোগ কৰিব পৰা যায় আৰু তেওঁলোকৰ সবিশেষ  https://pmayg.nic.in/netiay/contact.aspx ৱেবচাইটত উপলব্ধ৷ এটা মোবাইল এপ গুগল প্লে ষ্টোৰত উপলব্ধ – আৱাস এপ৷ অধিক তথ্যৰ বাবে এটা পৰ্টেলো প্ৰস্তুত কৰা হৈছে  www.pmayg.nic.in

প্ৰধান মন্ত্ৰী আৱাস যোজনা – পৌৰ

নগৰীয়া অঞ্চল সমূহত যোগ্য হিতাধিকাৰী পৰিয়াল সমূহলৈ ’পকী ঘৰ’ প্ৰদান কৰি ’ সকলোৰে বাবে বাসস্তানৰ ব্যৱস্থাৰ’ সপোন পূৰ কৰিবলৈ জুন 2015-ত প্ৰধান মন্ত্ৰী আৱাস যোজনা – পৌৰ আৰম্ভ কৰিছিল৷ এই মিচনৰ অধীনত, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সমূহলৈ কেন্দ্ৰীয় সাহায্য বস্তি অঞ্চলৰ বাসিন্দা আৰু অৰ্থনৈতিকভাৱে দূৰ্বল খণ্ডত (EWS), নিম্ন উপাৰ্জন গোট (LIG) আৰু মধ্য-উপাৰ্জন গোট (MIG)শ্ৰেণী সমূহত পৰা অন্যান্য নাগৰিকসকলক সম্বোধন কৰি আগবঢ়োৱা হয়৷

 

সেইসকল হিতাধিকাৰী যাৰ মাটিৰ পট্টা আছে তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা হয় আৰু সেইসকল যাৰ মাটি নাই তেওঁলোকে নিৰ্মিত গৃহৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে৷ আঁচনি সমূহৰ নিজৰ পকী ঘৰ সাজিবলৈ বা লাভ কৰিবলৈ বিত্তীয় সাহায্য, শৌচাগাৰ, পাকঘৰ, পানী বা শক্তি যোগানৰ দৰে বুনিয়াদী সেৱা আৰু মহিলা সদস্যৰ সপক্ষে বা মহিলা সকলক সবল কৰি তুলিবলৈ যুটীয়া নামত মালিকীস্বত্বৰ সুবিধাৰ দৰে  একাধিক লাভালাভ আছে৷

 

প্ৰায় 1.2 কোটি ঘৰৰ অনুমোদন হৈছে, আৰু 58 লাখ ঘৰ ইতিমধ্যে মাৰ্চ 2022-ৰ ভিতৰত সম্পূৰ্ণ হৈছে৷

কেনেদৰে PMAY-U-ৰ সুবিধা লাভ কৰিব পাৰি?

 

সুবিধা লাভ কৰিবলৈ ইচ্ছুক হিতাধিকাৰীসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলত পৌৰ স্থানীয় নিকায়ৰ কাষ চাপিব লাগে৷ ঋণ সংযুক্ত ৰাজসাহায্য আঁচনিৰ (CLSS)  অধীনত সুবিধাৰ বাবে গৃহ ঋণৰ ওপৰত সুতৰ ৰাজসাহায্য দাবী কৰাৰ বাবে পোনপটীয়াকৈ বেংক/ আৱাসিক বিত্তীয় প্ৰতিষ্ঠানত আবেদন কৰিব লাগিব৷

 

হেল্পলাইন নম্বৰ সমূহ 011-23063285 আৰু 011-23060484 স্থাপন কৰা হৈছে৷ মোবাইল এপ যিবোৰ ব্যৱহাৰ কৰা হৈছে সেয়া হৈছে ভূৱন এপ, ভাৰত HFA এপ, GHTC ইণ্ডিয়া এপ আৰু PMAY (আৰ্বান) এপ৷ দুটা পৰ্টেল স্থাপন কৰা হৈছে – https://pmay-urban.gov.in আৰু https://pmaymis.gov.in 

 

মহাকুইজৰ অগতানুগতিক বৈশিষ্ট্য সমূহ

মাইগভ সাথী/ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ পচন্দৰ যিকোনো ৰাজ্যৰ সংস্কৰণ খেলিব পাৰে৷ কুইজৰ প্ৰশ্নবোৰে এতিয়া আঁচনিটো আৰু সেই নিৰ্দিষ্ট ৰাজ্যখনৰ সৈতে সম্বন্ধযুক্ত হ’ব৷ কুইজটো ইংৰাজী, হিন্দী আৰু আঞ্চলিক ভাষা সমূহকে ধৰি একাধিক ভাষাত উপলব্ধ হ’ব৷

 

Terms and Conditions

1. এই কুইজটো সৱকা বিকাশ মহাকুইজ চিৰিজৰ এটা অংশ বিভিন্ন থীমৰ ওপৰত বিভিন্ন কুইজ মুকলি

2. এই কুইজটো 13 মে 2022 তাৰিখে মুকলি আৰু 29 মে 2022 তাৰিখে, 11:30 পিএম (আইএছটি) লাইভ ব৷ 

3. ভাৰতৰ সকলো নাগৰিকে এই কুইজত অংশ পাৰিব।

4. হৈছে 5 টা প্ৰশ্নযুক্ত কুইজ যাৰ 100 ছেকেণ্ডত উত্তৰ দিব লাগিব এইটো একাধিক ভাষাত উপলব্ধ এক ৰাজ্যিক নিৰ্দিষ্ট কুইজ। এজন ব্যক্তিয়ে একাধিক কুইজত অংশগ্ৰহণ কৰিব পাৰে।

5. কুইজটো 12 টা ভাষাত উপলব্ধ ইংৰাজী, হিন্দী, অসমীয়া, বঙালী, গুজৰাটী, কানাড়া, মালায়লম, মাৰাঠী, উড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু

6. প্ৰতিকুইজত সৰ্বাধিক 1,000 শীৰ্ষ স্কোৰিং অংশগ্ৰহণকাৰীক বিজয়ী হিচাপে বাছনি কৰা ব। বাছনি কৰা প্ৰতিজন বিজয়ীক 2,000/- টকা দিয়া

7. বিজেতাসকল প্ৰদান কৰা শুদ্ধ উত্তৰৰ সৰ্বোচ্চ সংখ্যাৰ ওপৰত ভিত্তি কৰি বাচনি কৰা ব৷ যদি, সৰ্বাধিক নম্বৰ স্কোৰ কৰা অংশগ্ৰহণকাৰীৰ সংখ্যা 1,000 অতিক্ৰম কৰে তেন্তে বাকী বিজেতাসকলক কুইজটো সম্পূৰ্ণ কৰা সময়ৰ ওপৰত ভিত্তি কৰি বাচনি কৰা ব৷

ব্যাখ্যা কৰিবলৈ, যদি কুইজটোৰ ফলাফল তলত দিয়াৰ দৰে হয়

অংশগ্ৰহণকাৰীৰ সংখ্যা

স্কোৰ

খাতিয়ান

500

20 ত 20

তেওঁলোকক বিজেতা ঘোষণা কৰা হ’ব৷ তেওঁলোকে 2,000 টকা লাভ কৰিব

400

20 ত 19

তেওঁলোকক বিজেতা ঘোষণা কৰা হ’ব৷ তেওঁলোকে 2,000 টকা লাভ কৰিব

400

20 ত 18

যিহেতু মুঠ বিজেতা বৰ্তমান 1,000 তকৈ অধিক হৈছে, মাত্ৰ 100 জনহে নগদ পুৰস্কাৰৰ বাবে যোগ্য প্ৰতিপন্ন হ’ব৷ একেদৰে, আটাইতকৈ কম সময় লোৱাৰ ওপৰত ভিত্তি কৰি 100 জনক বাচনি কৰা হ’ব৷ এই 100 জনে 2,000 টকা লাভ কৰিব

8. এগৰাকী অংশগ্ৰহণকাৰী এখন নিৰ্দিষ্ট কুইজত মাত্ৰ এবাৰহে জয়ী বলৈ যোগ্য৷ একাধিক প্ৰৱেশ কৰোঁতাৰ পৰা একাধিক এণ্ট্ৰি একেটা কুইজৰ সময়ত একাধিক বিজয়ৰ বাবে তেওঁলোকক যোগ্যতা অৰ্জন নকৰে৷ অৱশ্যে, অংশগ্ৰহণকাৰীজন মহাবিকাশ কুইজ চিৰিজৰ এটা বেলেগ কুইজত জয়ী বলৈ যোগ্যতা অৰ্জন কৰে

9. আপুনি আপোনাৰ নাম, ইমেইল এড্ৰেছ, টেলিফোন নম্বৰ আৰু পোষ্টেল ঠিকনা দিব লাগিব। আপোনাৰ যোগাযোগৰ তথ্য দিয়াৰ পিছত, আপুনি এই তথ্যসমূহ কুইজৰ বাবে ব্যৱহাৰ কৰাৰ আৰু গতে বানিজ্য প্ৰচাৰমূলক বিষয়বস্তু লাভ কৰাৰ সন্মতি দিব লাগিব৷

10.  ঘোষিত বিজয়ীসকলে পুৰষ্কাৰৰ টকা লাভ কৰিবলৈ তেঁওলোকৰ বেংকৰ তথ্য শ্বেয়াৰ কৰিব লাগিব। পুৰস্কাৰৰ টকা লাভ কৰিবলৈ ব্যৱহাৰকাৰীৰ নাম বেংকৰ একাউণ্টত থকা নামৰ লগত মিলিব লাগিব।

11. প্ৰশ্ন সমূহ এটা স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে কুৱেচন বেংকৰ পতা যাদৃচ্ছিকভাৱে তুলি লোৱা

12. কঠিন প্ৰশ্ন এটা আপুনি এৰিব পাৰে আৰু পিছলৈ সেইটোত ঘুৰি আহিব পাৰে।

13. তাত কোনো নেতিবাচক নম্বৰ নাথাকে।

14. অংশগ্ৰহণকাৰীয়ে ষ্টাৰ্ট কুইজ বোতাম ক্লিক কৰাৰ লগে লগে কুইজ আৰম্ভ ব।

15. এটা তথ্য সোমোৱাৰ পিছত সেইটো বাতিল কৰিব নোৱাৰিব।

16. যদি দেখা পোৱা যায় যে অংশগ্ৰহণকাৰীজনে অনুপযুক্তভাৱে গ্ৰহণযোগ্য সময়ত কুইজটো সম্পূৰ্ণ কৰিবলৈ অসৎ উপায় অৱলম্বন কৰিছে, এণ্ট্ৰি নাকচ কৰা পাৰে

17. হেৰাই যোৱা, দেৰিকে পোৱা, নাইবা অসম্পূৰ্ণ, নাইবা কম্পিউটাৰৰ সমস্যাৰ বাবে ট্ৰান্সমিট নোহোৱা, নাইবা আন কোনো সমস্যা যি আয়োজকৰ নিয়ন্ত্ৰণৰ বাহিৰত, এনে কোনো এন্ট্ৰিৰ বাবে আয়োজক সকলে দায়ী নহয়। মন কৰিব এন্ট্ৰি জমা হোৱাৰ প্ৰমাণৰ অৰ্থ কিন্ত এন্ট্ৰি কৰ্তৃপক্ষৰ দ্বাৰা লাভ কৰাৰ প্ৰমাণপত্ৰ নহয়।

18. যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিত, আয়োজক সকলৰ, যিকোনো সময়ত কুইজ বন্ধ নাইবা শুধৰনি কৰাৰ অধিকাৰ আছে। সন্দেহ আঁতৰাবৰ বাবে এই চৰ্তাৱলীও শোধোৰোৱাৰ অধিকাৰও ইয়াত অন্তৰ্ভুক্ত হৈ আছে।

19. অংশগ্ৰহণকাৰীসকলে সময়ে সময়ে কুইজৰ সকলো নীতি নিয়ম মানিব লাগিব।

20. আয়োজকসকলে কোনো অংশগ্ৰহণকাৰীক অযোগ্য ঘোষণা নাইবা অংশগ্ৰহণ প্ৰত্যাখান কৰাৰ নাইবা যদি তেঁওলোকে অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ নাইবা সংযুক্তিক কুইজ নাইবা কুইজৰ আয়োজকসকলৰ বাবে ক্ষতিকৰ বুলি ভাবে তেন্তে অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ বাতিল নাইবা নাকচ কৰাৰ অধিকাৰ ৰাখে। যদি আয়োজকসকলে পোৱা তথ্য বেআইনী, অসম্পূৰ্ণ, নষ্ট নাইবা অসত্য নাইবা ভুল বুলি প্ৰমাণ হয়, তেন্তে পঞ্জীয়ন বাতিল কৰা

21. MyGov- কৰ্মচাৰীসকলে নাইবা তেঁওলোকৰ পৰিয়ালৰ সদস্যসকলে এই কুইজত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব।

22. এই কুইজৰ ক্ষেত্ৰত আয়োজকৰ সিদ্ধান্ত চুড়ান্ত বুলি মানি লোৱা আৰু এই বিষয়ত কোনো কৰেচপন্ডেঞ্চক স্থান দিয়া নহব।

23. এই কুইজত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকল, কুইজত অংশ লোৱাৰ মাধ্যমে ওপৰত উল্লেখ কৰা চৰ্তাৱলী মানি লয় আৰু এই নীতি নিয়মত আবদ্ধ হৈ থকিব

24. এই চৰ্তাৱলীসমূহ ভাৰতীয় বিচাৰ বিভাগৰ দ্বাৰা শাসিত

 

25. যদি অনুবাদিত বিষয়বস্তু সমূহৰ বাবে কোনো স্পষ্টীকৰণৰ প্ৰয়োজন হয়, তাক contests@mygov.in জনাব পাৰে আৰু হিন্দী/ইংৰাজীৰ বিষয়বস্তু সমূহ উল্লেখ কৰিব লাগে৷