ভাৰতে স্বাধীনতাৰ 75 বছৰ উদযাপন কৰাৰ সময়ত, আজাদী কা অমৃত মহোৎসৱ, মাইগভে সবকা বিকাশ মহাকুইজ শৃংখলাত চতুৰ্থ কুইজ প্ৰৱৰ্তন কৰিছে, যি নাগৰিকসকলৰ মাজত সজাগতা গঢ়ি তোলাৰ এক প্ৰচাৰ প্ৰচেষ্টাৰ অংশ। কুইজটোৰ উদ্দেশ্য হৈছে অংশগ্ৰহণকাৰীসকলক বিভিন্ন আঁচনি আৰু পদক্ষেপ আৰু কেনেদৰে লাভালাভ প্ৰাপ্ত কৰিব লাগে সেই বিষয়ে সংবেদনশীল কৰা। এই সন্দৰ্ভত, মাইগভে আপোনালোক সকলোকে নতুন ভাৰতৰ বিষয়ে আপোনাকঅংশগ্ৰহণ আৰু জ্ঞানপৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনাইছে।
পৰিচয়
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে এখনআত্মনিৰ্ভৰভাৰত গঢ়ি তুলিবলৈ “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস”ৰ আদৰ্শৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ । চৰকাৰে সমাজৰ দৰিদ্ৰ আৰু পিছপৰাশ্ৰেণীৰ সামগ্ৰিক কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী আৰু আঁচনিৰ জৰিয়তে দেশৰ সকলো নাগৰিকৰ বাবে প্ৰয়োজনীয়তা নিশ্চিত কৰাৰ বাবে কাম কৰি আহিছে । এইবোৰৰ উদ্দেশ্য হৈছে পিৰামিডীয় গঠনটোৰ তলত অন্তিম ব্যক্তিজনক সেৱা আগবঢ়োৱা। যোৱা আঠ বছৰত, সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীলৈ অন্তিম মাইল বিতৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত এক তীব্ৰ জাঁপ দেখা গৈছে৷ নিৰ্মাণ কৰা অভূতপূৰ্ব সংখ্যক ঘৰ (প্ৰধানমন্ত্ৰী আৱাস যোজনা), প্ৰদান কৰাপানী সংযোগ (জল জীৱন মিছন), বেংক একাউণ্ট (জন ধন), কৃষকসকললৈ পোনপটীয়া লাভালাভ স্থানান্তৰ (পিএম কিষাণ) বা বিনামূলীয়া গেছ সংযোগ (উজ্জ্বলা)ত হওঁক, দৰিদ্ৰ লোকসকলৰ জীয়াই থকাৰ অৱলম্বনতএক বোধগম্য উন্নতি হৈছে।
জল জীৱন মিছন হৈছে শৃংখলাটোৰচতুৰ্থ কুইজৰ বিষয়বস্তু
চতুৰ্থ কুইজটো জল জীৱন মিছনৰ (জেজেএম) ওপৰত হ’ব। 15 আগষ্ট 2019 তাৰিখে ঘোষণা কৰা মতে, জল জীৱন মিছন (জেজেএম) যাতে 2024 চনৰ ভিতৰত প্ৰতিটো গ্ৰাম্য গৃহলৈ নিয়মীয়া আৰু দীৰ্ঘম্যাদী ভিত্তিতপৰ্যাপ্ত চাপৰ সৈতে পৰ্যাপ্ত পৰিমাণৰনিৰ্ধাৰিত মানদণ্ডত নলৰ পানী যোগানৰ ব্যৱস্থা প্ৰদান কৰিবলৈ ৰাজ্যসমূহৰ সৈতে সহযোগিতাত ৰূপায়ণ কৰা হৈছে৷
জল জীৱন মিছন ঘোষণাৰ সময়ত, মুঠ 18.93 কোটি গ্ৰাম্য পৰিয়ালৰ ভিতৰত, মাত্ৰ 3.23 কোটি (17%) পৰিয়ালে নলৰ পানীৰ সংযোগ থকাৰ প্ৰতিবেদন পোৱা গৈছিল। সেয়েহে, বাকী 15.70 কোটি পৰিয়ালে তেওঁলোকৰ ঘৰৰ বাহিৰত খোৱা পানীৰ উৎসৰ পৰা পানী আনি আছিল যাৰ ফলত এই পৰিয়ালবোৰৰ জীৱন এক মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হৈছিল।
জে.জে.এম. আৰম্ভ হোৱাৰ 2.5বছৰৰ ভিতৰত, জে.জে.এম.-ৰ অধীনত 6.4 কোটি নতুন সংযোগ প্ৰদান কৰা হৈছে, যাৰ ফলত দেশৰ মুঠ গ্ৰাম্য পৰিয়ালৰ50% ৰো অধিক আৱৰিবলৈ খোৱা কলৰ পানী যোগানৰ সামগ্ৰিক আৱৰণ লোৱা হৈছে।
এজন হিতাধিকাৰীয়ে এই আঁচনিখন কেনেকৈ লাভ কৰিব পাৰে?
সকলো গ্ৰাম্য পৰিয়াল স্বয়ংক্ৰিয়ভাৱে কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়। জে.জে.এম.-এ এক ‘বটম-আপ’ পদ্ধতি অনুসৰণ কৰে আৰু এক বিকেন্দ্ৰীকৃত, চাহিদা-চালিত, সম্প্ৰদায়-পৰিচালিত পানী যোগান প্ৰণালী হিচাপে ৰূপায়ণ কৰা হৈছে।
গ্ৰাম পঞ্চায়ত আৰু/বা ইয়াৰ উপ-সমিতি সমূহে গাওঁবোৰৰ প্ৰতিটো পৰিয়াললৈ পানী যোগান পনিয়ন্ত্ৰণ, পৰিচালনা আৰু বাহাল ৰাখিব পাৰে। সমিতিখনত নিম্নতম 50% মহিলা সদস্য আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে উপযুক্ত প্ৰতিনিধিত্ব আছে।
মই (অ-হিতাধিকাৰী) এজন হিতাধিকাৰীক আঁচনিখন কেনেদৰে লাভ কৰাত সহায় কৰিব পাৰোঁ?
এজন অ-হিতাধিকাৰীয়ে হিতাধিকাৰী এজনক কাৰ্যসূচীটোৰ বিষয়ে অৱগত কৰাত আৰু তেওঁলোকক কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাত সহায় কৰিব পাৰে, কিয়নো ই হৈছে এক “জনকাৰ্যসূচী”।
এই আঁচনিখনৰ বাবে এজনে কেনেকৈ অধিক তথ্য প্ৰাপ্ত কৰিব পাৰে?
ম’বাইল এপ্প (কেৱল এণ্ড্ৰইড) – https://play.google.com/store/apps/details?id=com.dhwaniris.jjm
ৱেবছাইট – https://jaljeevanmission.gov.in/
জেজেএম ডেশ্বব’ৰ্ড – https://ejalshakti.gov.in/jjmreport/JJMIndia.aspx
1. এই কুইজটো সৱকা বিকাশ মহাকুইজ চিৰিজৰ এটা অংশ য’ত বিভিন্ন থীমৰ ওপৰত বিভিন্ন কুইজ মুকলি হ’ব
2. এই কুইজটো 1st July 2022 তাৰিখে মুকলি হ’ব আৰু 31st July 2022 তাৰিখে, 11:30 পিএম (আইএছটি) লাইভ হ’ব৷
3. ভাৰতৰ সকলো নাগৰিকে এই কুইজত অংশ ল’ব পাৰিব।
4. ই হৈছে 10 টা প্ৰশ্নযুক্ত কুইজ যাৰ 200 ছেকেণ্ডত উত্তৰ দিব লাগিব | এইটো একাধিক ভাষাত উপলব্ধ এক ৰাজ্যিক নিৰ্দিষ্ট কুইজ। এজন ব্যক্তিয়ে একাধিক কুইজত অংশগ্ৰহণ কৰিব পাৰে।
5. কুইজটো 12 টা ভাষাত উপলব্ধ হ’ব – ইংৰাজী, হিন্দী, অসমীয়া, বঙালী, গুজৰাটী, কানাড়া, মালায়লম, মাৰাঠী, উড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু
6. প্ৰতিকুইজত সৰ্বাধিক 1,000 শীৰ্ষ স্কোৰিং অংশগ্ৰহণকাৰীক বিজয়ী হিচাপে বাছনি কৰা হ‘ব। বাছনি কৰা প্ৰতিজন বিজয়ীক 2,000/- টকা দিয়া হ‘ব
7. বিজেতাসকল প্ৰদান কৰা শুদ্ধ উত্তৰৰ সৰ্বোচ্চ সংখ্যাৰ ওপৰত ভিত্তি কৰি বাচনি কৰা হ’ব৷ যদি, সৰ্বাধিক নম্বৰ স্কোৰ কৰা অংশগ্ৰহণকাৰীৰ সংখ্যা 1,000 অতিক্ৰম কৰে তেন্তে বাকী বিজেতাসকলক কুইজটো সম্পূৰ্ণ কৰা সময়ৰ ওপৰত ভিত্তি কৰি বাচনি কৰা হ’ব৷
ব্যাখ্যা কৰিবলৈ, যদি কুইজটোৰ ফলাফল তলত দিয়াৰ দৰে হয় –
8. এগৰাকী অংশগ্ৰহণকাৰী এখন নিৰ্দিষ্ট কুইজত মাত্ৰ এবাৰহে জয়ী হ’বলৈ যোগ্য৷ একাধিক প্ৰৱেশ কৰোঁতাৰ পৰা একাধিক এণ্ট্ৰি একেটা কুইজৰ সময়ত একাধিক বিজয়ৰ বাবে তেওঁলোকক যোগ্যতা অৰ্জন নকৰে৷ অৱশ্যে, অংশগ্ৰহণকাৰীজন মহাবিকাশ কুইজ চিৰিজৰ এটা বেলেগ কুইজত জয়ী হ’বলৈ যোগ্যতা অৰ্জন কৰে
9. আপুনি আপোনাৰ নাম, ইমেইল এড্ৰেছ, টেলিফোন নম্বৰ আৰু পোষ্টেল ঠিকনা দিব লাগিব। আপোনাৰ যোগাযোগৰ তথ্য দিয়াৰ পিছত, আপুনি এই তথ্যসমূহ কুইজৰ বাবে ব্যৱহাৰ কৰাৰ আৰু ল’গতে বানিজ্য প্ৰচাৰমূলক বিষয়বস্তু লাভ কৰাৰ সন্মতি দিব লাগিব৷
10. ঘোষিত বিজয়ীসকলে পুৰষ্কাৰৰ টকা লাভ কৰিবলৈ তেঁওলোকৰ বেংকৰ তথ্য শ্বেয়াৰ কৰিব লাগিব। পুৰস্কাৰৰ টকা লাভ কৰিবলৈ ব্যৱহাৰকাৰীৰ নাম বেংকৰ একাউণ্টত থকা নামৰ লগত মিলিব লাগিব।
11. প্ৰশ্ন সমূহ এটা স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে কুৱেচন বেংকৰ পতা যাদৃচ্ছিকভাৱে তুলি লোৱা হ’ব
12. কঠিন প্ৰশ্ন এটা আপুনি এৰিব পাৰে আৰু পিছলৈ সেইটোত ঘুৰি আহিব পাৰে।
13. তাত কোনো নেতিবাচক নম্বৰ নাথাকে।
14. অংশগ্ৰহণকাৰীয়ে ষ্টাৰ্ট কুইজ বোতাম ক্লিক কৰাৰ লগে লগে কুইজ আৰম্ভ হ’ব।
15. এটা তথ্য সোমোৱাৰ পিছত সেইটো বাতিল কৰিব নোৱাৰিব।
16. যদি দেখা পোৱা যায় যে অংশগ্ৰহণকাৰীজনে অনুপযুক্তভাৱে গ্ৰহণযোগ্য সময়ত কুইজটো সম্পূৰ্ণ কৰিবলৈ অসৎ উপায় অৱলম্বন কৰিছে, এণ্ট্ৰি নাকচ কৰা হ’ব পাৰে
17. হেৰাই যোৱা, দেৰিকে পোৱা, নাইবা অসম্পূৰ্ণ, নাইবা কম্পিউটাৰৰ সমস্যাৰ বাবে ট্ৰান্সমিট নোহোৱা, নাইবা আন কোনো সমস্যা যি আয়োজকৰ নিয়ন্ত্ৰণৰ বাহিৰত, এনে কোনো এন্ট্ৰিৰ বাবে আয়োজক সকলে দায়ী নহয়। মন কৰিব এন্ট্ৰি জমা হোৱাৰ প্ৰমাণৰ অৰ্থ কিন্ত এন্ট্ৰি কৰ্তৃপক্ষৰ দ্বাৰা লাভ কৰাৰ প্ৰমাণপত্ৰ নহয়।
18. যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিত, আয়োজক সকলৰ, যিকোনো সময়ত কুইজ বন্ধ নাইবা শুধৰনি কৰাৰ অধিকাৰ আছে। সন্দেহ আঁতৰাবৰ বাবে এই চৰ্তাৱলীও শোধোৰোৱাৰ অধিকাৰও ইয়াত অন্তৰ্ভুক্ত হৈ আছে।
19. অংশগ্ৰহণকাৰীসকলে সময়ে সময়ে কুইজৰ সকলো নীতি নিয়ম মানিব লাগিব।
20. আয়োজকসকলে কোনো অংশগ্ৰহণকাৰীক অযোগ্য ঘোষণা নাইবা অংশগ্ৰহণ প্ৰত্যাখান কৰাৰ নাইবা যদি তেঁওলোকে অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ নাইবা সংযুক্তিক কুইজ নাইবা কুইজৰ আয়োজকসকলৰ বাবে ক্ষতিকৰ বুলি ভাবে তেন্তে অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ বাতিল নাইবা নাকচ কৰাৰ অধিকাৰ ৰাখে। যদি আয়োজকসকলে পোৱা তথ্য বেআইনী, অসম্পূৰ্ণ, নষ্ট নাইবা অসত্য নাইবা ভুল বুলি প্ৰমাণ হয়, তেন্তে পঞ্জীয়ন বাতিল কৰা হ’ব
21. MyGov-ৰ কৰ্মচাৰীসকলে নাইবা তেঁওলোকৰ পৰিয়ালৰ সদস্যসকলে এই কুইজত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব।
22. এই কুইজৰ ক্ষেত্ৰত আয়োজকৰ সিদ্ধান্ত চুড়ান্ত বুলি মানি লোৱা হ’ব আৰু এই বিষয়ত কোনো কৰেচপন্ডেঞ্চক স্থান দিয়া নহব।
23. এই কুইজত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকল, কুইজত অংশ লোৱাৰ মাধ্যমে ওপৰত উল্লেখ কৰা চৰ্তাৱলী মানি লয় আৰু এই নীতি নিয়মত আবদ্ধ হৈ থকিব
24. এই চৰ্তাৱলীসমূহ ভাৰতীয় বিচাৰ বিভাগৰ দ্বাৰা শাসিত
25. যদি অনুবাদিত বিষয়বস্তু সমূহৰ বাবে কোনো স্পষ্টীকৰণৰ প্ৰয়োজন হয়, তাক contests@mygov.in ত জনাব পাৰে আৰু হিন্দী/ইংৰাজীৰ বিষয়বস্তু সমূহ উল্লেখ কৰিব লাগে৷