GOVERNMENT OF INDIA

পিএম গৰীৱ কল্যান অন্ন যোজনাৰ ওপৰত কুইজ (Assamese)

Start Date : 14 Apr 2022, 5:00 pm
End Date : 12 May 2022, 11:30 pm
Closed
Quiz Closed

About Quiz

পৰিচয়

মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ “সৱকা চাথ, সৱকা বিকাশ, সৱকা বিশ্বাস, সৱকা প্ৰয়াস“ৰ নীতি-আদৰ্শৰ প্ৰতি অংগীকাৰবদ্ধ৷ চৰকাৰখনে দৰিদ্ৰ লোকসকলৰ সামগ্ৰিক সমৃদ্ধি আৰু সমাজৰ পিছপৰা অংশৰ বাবে বিভিন্ন কাৰ্যসূচী আৰু আঁচনিৰ জৰিয়তে দেশৰ সকলো নাগৰিকৰ প্ৰতি মৌলিক প্ৰয়োজনীয়তা সমূহ সুনিশ্চিত কৰিবলৈ কাম কৰি আহিছে৷ এইবোৰ পিৰামিডটোৰ তলত থকা অন্তিম গৰাকী লোকক সেৱা আগবঢ়োৱাক উদ্দেশ্য কৰি কৰা হৈছে৷ যোৱা আঠটা বছৰত, সমাজৰ দৰিদ্ৰতম অংশক অন্তিম সীমালৈ লৈ যোৱাটো সুনিশ্চিত কৰাত ক্ৰমান্বয়ে অধিক ডাঙৰ ঢৌ দেখা গৈছে৷ সাজি উলিওৱা অভূতপূৰ্ব সংখ্যক ঘৰ (পিএম আৱাস যোজনা), প্ৰদান কৰা পানী সংযোগ (জল জীৱন মিচন), বেংক একাউন্ট (জন ধন), কৃষকসকললৈ পোনপটীয়া লাভৰ স্থানান্তৰ (পিএম কিষাণ) বা বিনামূলীয়া গেছৰ সংযোগ (উজ্জ্বলা) যিয়েই নহওক, দৰিদ্ৰ লোকসকলৰ জীৱিকাত এটা ধৰিব পৰা উন্নতি আহি পৰিছে৷

সৱকা বিকাশ মহাকুইজৰ আনুষ্ঠানিক আৰম্ভণি কৰা হৈছে

ভাৰতে স্বাধীনতাৰ 75 বছৰ, আজাদী কা অমৃত মহোৎসৱ, উদযাপন কৰাৰ লগতে, চৰকাৰখনে অংশগ্ৰহণমূলক শাসন পদ্ধতি আৰু আঁচনি আৰু কাৰ্যসূচী সমূহ আগবঢ়োৱাত নাগৰিকসকলৰ সৈতে জড়িত হ’বলৈ প্ৰয়াস তীব্ৰতৰ কৰি তুলিছে৷ এই অন্তিম সীমালৈ লৈ যোৱাৰ প্ৰয়াসৰ এটা অংশ হিচাপে, MyGov-য়ে সবকা বিকাশ মহাকুইজ চিৰিজ অনুষ্ঠিত কৰিছে, যি নাগৰিকসকলৰ মাজত সজাগতা গঢ়ি তুলিবলৈ এটা সুদূৰপ্ৰসাৰী প্ৰয়াসৰ অংশ৷ কুইজটোৱে অংশগ্ৰহণকাৰীসকলক বিভিন্ন আঁচনি আৰু উদ্যোগ আৰু কেনেদৰে লাভ সমূহৰ সুবিধা আহৰণ কৰিব লাগে তাৰ বিষয়ে সংবেদী কৰি তোলে৷ কুইজ চিৰিজটোত বৃহৎ সংখ্যক অংশগ্ৰহণে চৰকাৰৰ জড়িতকৰণক তৃণমূল পৰ্যায়ত গভীৰ কৰি তুলিব৷  এই পৰিপ্ৰেক্ষিতত, MyGov-য়ে আপোনালোক সকলোকে অংশগ্ৰহণ কৰিবলৈ আৰু নতুন ভাৰতৰ বিষয়ে আপোনাৰ জ্ঞান পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনাইছে৷

14 এপ্ৰিল 2022 তাৰিখে কুইজ চিৰিজৰ মুকলি

এই কুইজটো 14 এপ্ৰিল 2022 তাৰিখে ভাৰত ৰত্ন ড° বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তীত সংগতভাৱে মুকলি কৰা হ’ব৷ বাবাচাহেব আম্বেদকাৰ হৈছে সামাজিক ন্যায় আৰু সবলীকৰণৰ এক প্ৰতিমূৰ্তি, আৰু চৰকাৰে সমাজৰ দৰিদ্ৰ লোকসকল, পিছপৰা আৰু অসুৰক্ষিত অংশক সেৱা আগবঢ়োৱাত তেওঁৰ পদাংক অনুসৰণ কৰি আহিছে৷

পিএমজিকেএৱাই হৈছে প্ৰথম কুইজৰ বিষয়বস্তু

প্ৰথম কুইজ উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ৰ অধীনত প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই)ৰ ওপৰত হ’ব৷ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই) হৈছে কভিড-19 মহামাৰীৰ ফলত হোৱা অন্তৰায়ৰ ফলস্বৰূপে দুখীয়া সকলে সন্মুখীণ হোৱা প্ৰত্যাহ্বান সমূহ হ্ৰাস কৰাৰ উদ্দেশ্যে এটা দৰিদ্ৰ অনুকূল আঁচনি৷ ইয়াৰ তাৎক্ষণিক লক্ষ্য আছিল কোনো দৰিদ্ৰ লোক বা বিপদগ্ৰস্ত লোক বা পৰিয়াল যাতে ভোঁকত নাথাকে তাক সুনিশ্চিত কৰা৷ এই আঁচনিৰ অধীনত, সকলো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এনএফএছএ) হিতাধিকাৰী প্ৰতিমাহে 5 কেজিকৈ বিনামূলীয়া খাদ্য শস্যৰ অধিকাৰপ্ৰাপ্ত হয়৷ ই এনএফএছএ হিতাধিকাৰীসকলৰ প্ৰতি উপলব্ধ উচ্চভাৱে ৰাজ-সাহায্যযুক্ত খাদ্য শস্যৰ ওপৰঞ্চি ভাৱে থাকে৷

পিএমজিকেএৱাই হৈছে দেশৰ দৰিদ্ৰ লোকসকলৰ ওপৰত কভিদ মহামাৰীৰ প্ৰভাৱবোৰ প্ৰতিৰোধ কৰিবলৈ এক অতুলনীয় আঁচনি৷ ফলস্বৰূপে, আঁচনিখনৰ অধীনত 1,000 লাখ এমটিতকৈও অধিক খাদ্য শস্য ইতিমধ্যে বিতৰণ কৰা হৈছে৷ আনুমানিক বিত্তীয় অৰ্থ ব্যয় হৈছে প্ৰায় 3.4 লাখ কোটি টকা৷ প্ৰধান মন্ত্ৰী মোডীয়ে কোৱাৰ দৰে, “প্ৰধান মন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাই ইয়াক সুনিশ্চিত কৰিবলৈ কাম কৰি আছে যাতে কোনেও খালী পেটে শুবলগীয়া নহয়৷“

আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ)ৰ দ্বাৰা প্ৰস্তুত কৰা এখন কৰ্মপত্ৰৰ অনুসৰি এই আঁচনিখনে মহামাৰীৰ সময়চোৱাত চূড়ান্ত দৰিদ্ৰতাক কম কৰি ৰখাত সফল হৈছে বুলি  সাক্ষ্য প্ৰদান কৰিছে৷ “চূড়ান্ত দৰিদ্ৰতা প্ৰাক মহামাৰী বৰ্ষ 2019 ত 0.8 শতাংশৰ দৰে কম আছিল, আৰু খাদ্যৰ স্থানান্তৰণ ইয়াক সুনিশ্চিত কৰাৰ কাৰণস্বৰূপ আছিল যে ই মহামাৰী বৰ্ষ 2020 ত নিম্ন স্তৰতে ৰৈ গৈছিল“, পত্ৰখনে অৱগত কৰিছিল৷

অ!চনিখনৰ সুবিধা কেনেদৰে লাভ কৰিব পাৰি?

ৰাজ্য/ইউটি চৰকাৰৰ দ্বাৰা চিনাক্ত কৰা সকলো এনএফএছএ হিতাধিাকৰী (অন্ত্যোদয় অন্ন যোজনা (এএৱাই) আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল (পিএইচএইচ) অৰ্থাৎ প্ৰায় 80 কোটি হিতাধিকাৰী পিএম-জিকেএৱাইৰ অধীনত সামৰি লোৱা হৈছে৷ তেওঁলোকক স্বয়ংক্ৰিয়ভাৱে সাঙুৰি লোৱা হৈছে আৰু তেওঁলোকৰ উপলব্ধ এনএফএছএ ৰেচন কাৰ্ড ব্যৱহাৰ কৰি সুলভ মূল্যৰ দোকান সমূহৰ পৰা বিনামূলীয়া খাদ্য শস্য লাভ কৰিব পাৰে৷ নতুন ৰেচন কাৰ্ড বা পঞ্জীয়নৰ কোনো প্ৰয়োজন নাই৷ এটা টোল-ফ্ৰী হেল্পলাইন নম্বৰ ‘1967’ ৰাজহুৱা বিতৰণ প্ৰণালীৰ সৈতে সম্পৰ্কিত হিতাধিকাৰী সকলৰ অভিযোগ আৰু ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰিবলৈ স্থাপন কৰা হৈছে৷

হিতাধিকাৰীসকলৰ দ্বাৰা তেওঁলোকৰ এনএফএছএৰ লগতে পিএম-জিকেএৱাই খাদ্য শস্য আবণ্টন আৰু অৱশিষ্ট অংশ চাবলৈ এটা এণ্ড্ৰইড আধাৰিত মোবাইল এপ্লিকেচন ‘Mera Ration’ (https://tinyurl.com/fp2tmd97) ব্যৱহাৰ কৰিব পৰা যায়৷ এই সুবিধা বৰ্তমান সেই হিতাধিকাৰীসকলৰ বাবে উপলব্ধ যি কেন্দ্ৰীয় ৰেচন কাৰ্ড ভাণ্ডাৰত সফলতাপূৰ্বক সত্য নিৰূপিত হৈছে৷ এই এপটো 13 টা ভাষাত উপলব্ধ যেনে অসমীয়া, ইংৰাজী, হিন্দী, উড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু, মালায়লম, কানাড়া, উৰ্দু, গুজৰাটী, মাৰাঠী আৰু বাংলা, আৰু ইয়াক বিনামূলীয়াভাৱে এণ্ড্ৰইড মোবাইলৰ বাবে গুগল প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰি৷ অন৷নবিতৰণ পৰ্টেল (http://annavitran.nic.in) ৰ পিএম-জিকেএৱাই খাদ্য শস্যৰ বিতৰণ নিৰীক্ষণৰ বাবে এটা ডেছব’ৰ্ড আছে৷

Terms and Conditions

1. এই কুইজটো সৱকা বিকাশ মহাকুইজ চিৰিজৰ এটা অংশ য’ত বিভিন্ন থীমৰ ওপৰত বিভিন্ন কুইজ মুকলি হ’ব

2. এই কুইজটো 14 এপ্ৰিল 2022 তাৰিখে মুকলি হ’ব আৰু 12 মে 2022 তাৰিখে, 11:30 পিএম (আইএছটি) লাইভ হ’ব৷ 

3. ভাৰতৰ সকলো নাগৰিকে এই কুইজত অংশ ল’ব পাৰিব।

4. ই হৈছে 20 টা প্ৰশ্নযুক্ত কুইজ যাৰ 300 ছেকেণ্ডত উত্তৰ দিব লাগিব

5. কুইজটো 12 টা ভাষাত উপলব্ধ হ’ব – ইংৰাজী, হিন্দী, অসমীয়া, বঙালী, গুজৰাটী, কানাড়া, মালায়লম, মাৰাঠী, উড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু

6. প্ৰতিকুইজত সৰ্বাধিক 1,000 শীৰ্ষ স্কোৰিং অংশগ্ৰহণকাৰীক বিজয়ী হিচাপে বাছনি কৰা হ’ব। বাছনি কৰা প্ৰতিজন বিজয়ীক 2,000/- টকা দিয়া হ’ব

7. বিজেতাসকল প্ৰদান কৰা শুদ্ধ উত্তৰৰ সৰ্বোচ্চ সংখ্যাৰ ওপৰত ভিত্তি কৰি বাচনি কৰা হ’ব৷ যদি, সৰ্বাধিক নম্বৰ স্কোৰ কৰা অংশগ্ৰহণকাৰীৰ সংখ্যা 1,000 অতিক্ৰম কৰে তেন্তে বাকী বিজেতাসকলক কুইজটো সম্পূৰ্ণ কৰা সময়ৰ ওপৰত ভিত্তি কৰি বাচনি কৰা হ’ব৷

ব্যাখ্যা কৰিবলৈ, যদি কুইজটোৰ ফলাফল তলত দিয়াৰ দৰে হয় –

অংশগ্ৰহণকাৰীৰ সংখ্যা

স্কোৰ

খাতিয়ান

500

20 ত 20

তেওঁলোকক বিজেতা ঘোষণা কৰা হ’ব৷ তেওঁলোকে 2,000 টকা লাভ কৰিব

400

20 ত 19

তেওঁলোকক বিজেতা ঘোষণা কৰা হ’ব৷ তেওঁলোকে 2,000 টকা লাভ কৰিব

400

20 ত 18

যিহেতু মুঠ বিজেতা বৰ্তমান 1,000 তকৈ অধিক হৈছে, মাত্ৰ 100 জনহে নগদ পুৰস্কাৰৰ বাবে যোগ্য প্ৰতিপন্ন হ’ব৷ একেদৰে, আটাইতকৈ কম সময় লোৱাৰ ওপৰত ভিত্তি কৰি 100 জনক বাচনি কৰা হ’ব৷ এই 100 জনে 2,000 টকা লাভ কৰিব

8. এগৰাকী অংশগ্ৰহণকাৰী এখন নিৰ্দিষ্ট কুইজত মাত্ৰ এবাৰহে জয়ী হ’বলৈ যোগ্য৷ একাধিক প্ৰৱেশ কৰোঁতাৰ পৰা একাধিক এণ্ট্ৰি একেটা কুইজৰ সময়ত একাধিক বিজয়ৰ বাবে তেওঁলোকক যোগ্যতা অৰ্জন নকৰে৷ অৱশ্যে, অংশগ্ৰহণকাৰীজন মহাবিকাশ কুইজ চিৰিজৰ এটা বেলেগ কুইজত জয়ী হ’বলৈ যোগ্যতা অৰ্জন কৰে

9. আপুনি আপোনাৰ নাম, ইমেইল এড্ৰেছ, টেলিফোন নম্বৰ আৰু পোষ্টেল ঠিকনা দিব লাগিব। আপোনাৰ যোগাযোগৰ তথ্য দিয়াৰ পিছত, আপুনি এই তথ্যসমূহ কুইজৰ বাবে ব্যৱহাৰ কৰাৰ আৰু ল’গতে বানিজ্য প্ৰচাৰমূলক বিষয়বস্তু লাভ কৰাৰ সন্মতি দিব লাগিব৷

10.  ঘোষিত বিজয়ীসকলে পুৰষ্কাৰৰ টকা লাভ কৰিবলৈ তেঁওলোকৰ বেংকৰ তথ্য শ্বেয়াৰ কৰিব লাগিব। পুৰস্কাৰৰ টকা লাভ কৰিবলৈ ব্যৱহাৰকাৰীৰ নাম বেংকৰ একাউণ্টত থকা নামৰ লগত মিলিব লাগিব।

11. প্ৰশ্ন সমূহ এটা স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে কুৱেচন বেংকৰ পতা যাদৃচ্ছিকভাৱে তুলি লোৱা হ’ব

12. কঠিন প্ৰশ্ন এটা আপুনি এৰিব পাৰে আৰু পিছলৈ সেইটোত ঘুৰি আহিব পাৰে।

13. তাত কোনো নেতিবাচক নম্বৰ নাথাকে।

14. অংশগ্ৰহণকাৰীয়ে ষ্টাৰ্ট কুইজ বোতাম ক্লিক কৰাৰ লগে লগে কুইজ আৰম্ভ হ’ব।

15. এটা তথ্য সোমোৱাৰ পিছত সেইটো বাতিল কৰিব নোৱাৰিব।

16. যদি দেখা পোৱা যায় যে অংশগ্ৰহণকাৰীজনে অনুপযুক্তভাৱে গ্ৰহণযোগ্য সময়ত কুইজটো সম্পূৰ্ণ কৰিবলৈ অসৎ উপায় অৱলম্বন কৰিছে, এণ্ট্ৰি নাকচ কৰা হ’ব পাৰে

17. হেৰাই যোৱা, দেৰিকে পোৱা, নাইবা অসম্পূৰ্ণ, নাইবা কম্পিউটাৰৰ সমস্যাৰ বাবে ট্ৰান্সমিট নোহোৱা, নাইবা আন কোনো সমস্যা যি আয়োজকৰ নিয়ন্ত্ৰণৰ বাহিৰত, এনে কোনো এন্ট্ৰিৰ বাবে আয়োজক সকলে দায়ী নহয়। মন কৰিব এন্ট্ৰি জমা হোৱাৰ প্ৰমাণৰ অৰ্থ কিন্ত এন্ট্ৰি কৰ্তৃপক্ষৰ দ্বাৰা লাভ কৰাৰ প্ৰমাণপত্ৰ নহয়।

18. যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিত, আয়োজক সকলৰ, যিকোনো সময়ত কুইজ বন্ধ নাইবা শুধৰনি কৰাৰ অধিকাৰ আছে। সন্দেহ আঁতৰাবৰ বাবে এই চৰ্তাৱলীও শোধোৰোৱাৰ অধিকাৰও ইয়াত অন্তৰ্ভুক্ত হৈ আছে।

19. অংশগ্ৰহণকাৰীসকলে সময়ে সময়ে কুইজৰ সকলো নীতি নিয়ম মানিব লাগিব।

20. আয়োজকসকলে কোনো অংশগ্ৰহণকাৰীক অযোগ্য ঘোষণা নাইবা অংশগ্ৰহণ প্ৰত্যাখান কৰাৰ নাইবা যদি তেঁওলোকে অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ নাইবা সংযুক্তিক কুইজ নাইবা কুইজৰ আয়োজকসকলৰ বাবে ক্ষতিকৰ বুলি ভাবে তেন্তে অংশগ্ৰহণকাৰীৰ অংশগ্ৰহণ বাতিল নাইবা নাকচ কৰাৰ অধিকাৰ ৰাখে। যদি আয়োজকসকলে পোৱা তথ্য বেআইনী, অসম্পূৰ্ণ, নষ্ট নাইবা অসত্য নাইবা ভুল বুলি প্ৰমাণ হয়, তেন্তে পঞ্জীয়ন বাতিল কৰা হ’ব

21. MyGov-ৰ কৰ্মচাৰীসকলে নাইবা তেঁওলোকৰ পৰিয়ালৰ সদস্যসকলে এই কুইজত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব।

22. এই কুইজৰ ক্ষেত্ৰত আয়োজকৰ সিদ্ধান্ত চুড়ান্ত বুলি মানি লোৱা হ’ব আৰু এই বিষয়ত কোনো কৰেচপন্ডেঞ্চক স্থান দিয়া নহব।

23. এই কুইজত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকল, কুইজত অংশ লোৱাৰ মাধ্যমে ওপৰত উল্লেখ কৰা চৰ্তাৱলী মানি লয় আৰু এই নীতি নিয়মত আবদ্ধ হৈ থকিব

24. এই চৰ্তাৱলীসমূহ ভাৰতীয় বিচাৰ বিভাগৰ দ্বাৰা শাসিত

25. যদি অনুবাদিত বিষয়বস্তু সমূহৰ বাবে কোনো স্পষ্টীকৰণৰ প্ৰয়োজন হয়, তাক contests@mygov.in ত জনাব পাৰে আৰু হিন্দী/ইংৰাজীৰ বিষয়বস্তু সমূহ উল্লেখ কৰিব লাগে৷